আমেৰিকাৰ এৰিযোনা ৰাজ্যত পিতৃৰ সৈতে ফুৰিবলৈ যোৱা এগৰাকী ৩২ বছৰীয়া মহিলাই নিশা শিবিৰৰ পৰা ওলাই যোৱাৰ পিছত সন্ধানহীন হৈছে। মহিলাগৰাকীৰ নাম জানেল বান্দা, যি ১৩ জুন, শুক্ৰবাৰে ফ্ল্যাগষ্টাফৰ ‘এজ অফ দ্য ৱৰ্ল্ড’ নামৰ শিবিৰস্থলীত পিতৃক লগ দিছিল।
কোকোনিনো কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা অনুসৰি, ১০:৩০ বজাত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল, তাৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছে।
জানেল বান্দাৰ পিতৃ ডেভিড বান্দাই সংবাদ মাধ্যমক জনাইছে যে তেওঁলোকে শিবিৰস্থলীত এক আনন্দপূৰ্ণ সময় অতিবাহিত কৰিছিল, কিন্তু স্থানখিনি যথেষ্ট বিপদজনক আছিল। পাহাৰীয়া অঞ্চল হোৱা বাবে ইয়াত খাড়া ওখ-চাপৰ আছে, যিয়ে যিকোনো সময়তে দুৰ্ঘটনা মাতি আনিব পাৰে।
জানেলৰ মাতৃ মাৰ্চি ষ্টেকেলে কয় যে তেওঁৰ জীয়েক ঘূৰিবলৈ, হাইকিং কৰিবলৈ আৰু প্ৰকৃতিৰ মাজত সময় কটোৱা ভাল পাইছিল।
শেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, সন্ধানহীন হোৱা জানেল বান্দাৰ চকুৰ ৰং ক’লা আৰু চুলি ক’লা। তেওঁৰ উচ্চতা প্ৰায় ১.৬৫ মিটাৰ আৰু ওজন প্ৰায় ৫৭ কিলোগ্ৰাম।
সন্ধানহীন হোৱাৰ সময়ত তেওঁ পাতল ৰঙৰ জোকাৰিং পেন্ট আৰু ক’লা-বগা হুডী পিন্ধি আছিল। বৰ্তমানলৈকে তেওঁক উদ্ধাৰ কৰিব পৰা হোৱা নাই, আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
শেৰিফৰ কাৰ্যালয়ে জনসাধাৰণক এই অভিযানত সহায় নকৰিবলৈ আহ্বান জনাইছে। কাৰণ, অঞ্চলটোৰ দুৰ্গমতাৰ বাবে তেওঁলোকৰ বাবেও ইয়াত অভিযান চলোৱা কঠিন হৈ পৰিছে।
তথ্য সূত্র: পিপল